ক’ভিড-১৯ত সংক্ৰমিত সিংহৰ মৃত্যু, চিৰিয়াখানাত চিনাক্ত ৯ টা ক’ভিড পজিটিভ সিংহ-বাঘ

নিউজ ডেস্ক। কোৰোনা ভাইৰাছে মানৱ জীৱনত সংহাৰ ৰূপ ধাৰণ কৰাৰ মাজতে এইবাৰ আহিছে আন এক খবৰ। এই ভাইৰাছে এইবাৰ প্ৰাণ ল’লে বনৰীয়া জন্তুৰ। চিৰিয়াখানৰ সিংহৰ দেহত এই ভাইৰাছ সংক্ৰমণ হোৱাৰ খবৰে এতিয়া সকলোকে কৰিছে চিন্তিত। জানিব পৰা মতে, চেন্নাইৰ এখন চিৰিয়াখানাত এই ভাইৰাছত আক্ৰান্ত হৈ যোৱা ৩ জুনৰ আবেলি মৃত্যু হ’ল এটা সিংহৰ। তাৰ বিপৰীতে … Read more

হাতীয়ে শেষ শ্ৰদ্ধা জনালে মৃত মাউতক, দৃশ্য দেখি উঠিল কান্দোনৰ ৰোল

নিউজ ডেস্ক। সাধাৰণতে কোৱা হয় যে হাতী এবিধ জ্ঞানী প্ৰাণী। মানুহৰ দৰেই যেন দুখ, আৱেগ সকলো বুজি পায় হাতীয়ে। সেই কথা প্ৰায়ে প্ৰমাণ হৈ আহিছে হাতীৰ কিছু কাৰ্যই। এইবাৰ তেনে এক দৃশ্যই পুনৰ প্ৰমাণ কৰিলে হাতীৰ বিশাল আৱেগক। যিটো দৃশ্য দেখি সকলোৱেই হৈ পৰিল আৱেগিক। দৃশ্যটো কেৰেলাৰ কট্টায়ামৰ। সেই দৃশ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ভাৰতীয় … Read more

হঠাতে খেতি পথাৰত সৃষ্টি হ’ল ৩০০ ফুট বহল প্ৰকাণ্ড গাঁত! তীব্ৰ কৌতূহল

নিউজ ডেস্ক। এক আচৰিত ঘটনা। হঠাৎ খেতি পথাৰৰ মাজত সৃষ্টি হ’ল এক প্ৰকাণ্ড গাঁত। দৃশ্যটো বন্দী হ’ল কেমেৰাত। এই অস্বাভাৱিক ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ কৌতূহলৰ। ৩০০ ফুট বহল সেই গাঁতৰ দৃশ্য দেখা পোৱা গ’ল মেক্সিকোৰ পুৱেবলা ৰাজ্যৰ ছান্টা মাৰিয়া জাকাটাপটাক নগৰৰ সমীপত। বৰ্তমান গাঁতটো সম্পূৰ্ণ পানীৰে ভৰি আছে আৰু ক্ৰমান্বয়ে খহি খহি ই বিশাল … Read more

দুঃসাহসিক! পোহনীয়া কুকুৰৰ জীৱন ৰক্ষাৰ বাবেই ১৭ বছৰীয়া যুৱতীৰ ভালুকৰ সৈতে যুঁজ…

নিউজ ডেস্ক। নিজৰ মৰমৰ পোহনীয়া জন্তুটোৰ কাৰণে সকলোৱেই কৰিব পাৰে কষ্ট অথবা ত্যাগ। নিজে নাখাইয়ো খুৱাব পাৰে মৰমৰ জন্তুক। এইবাৰ এনে এক দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিলে, যিটো দেখিলে আপুনিও ভাবিবলৈ বাধ্য হ’ব যে কিমান মৰম থাকিলে নিজৰ জীৱনৰ কথা পাহৰিয়ো কোনোৱে উদ্ধাৰ কৰিব পাৰে পোহনীয়া জন্তুক। তেনে এক দৃশ্য দেখা পোৱা গ’ল আমেৰিকাত। … Read more

শাৰী পৰিধান কৰি দুঃসাহসিক স্কেটিং ৪৬ বছৰীয়া মহিলাৰ! ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। ইচ্ছা আৰু একাগ্ৰতা থাকিলে সকলোৱেই সম্ভৱ। সেই কথা এইবাৰ প্ৰমাণ কৰিলে এগৰাকী ৪৬ বছৰীয়া মহিলাই। এই মহিলাগৰাকীয়ে শাৰী পৰিধান কৰি প্ৰদৰ্শন কৰি দেখুৱালে ‘স্কেট বৰ্ডিং’ খেল। মহিলা গৰাকীৰ নাম হল অৰ্বী ৰয়। তেওঁ তৰণ্টত সেই খেল প্ৰদৰ্শন কৰে আৰু ‘আণ্টী স্কেটচ’ হিচাপে জনপ্ৰিয় সেই খেলৰ তেওঁৰ সেই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক … Read more

ভয়ংকৰ কাণ্ড! এঘণ্টাতে ৩ পালি ক’ভিড প্ৰতিষেধক প্ৰদান বৃদ্ধ মহিলাক

নিউজ ডেস্ক। এক আচৰিত তথা ভয়ংকৰ কাণ্ড! এঘন্টাৰ ভিতৰতে এগৰাকী বৃদ্ধাক ৩ পালি ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান। হয়, আচৰিত যেন লাগিলেও এই ঘটনা সঁচা। এই ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাৰ সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ এলেকাধীন ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত। এঘন্টাতে এগৰাকী মহিলাই লাভ কৰিলে ক’ভিশ্বিল্ড’ৰ তিনিটাকৈ বেজী। জানিব পৰা মতে, সাপেখাতীত খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰই বুধবাৰে সাপেখাতী … Read more

দুধনৈ-দিছপুৰ মহাবিদ্যালয়ত কৰ্মৰত নগাঁৱৰ দুজনকৈ যুৱ অধ্যাপকৰ ক’ভিড-১৯ত মৃত্যু

নিউজ ডেস্ক। ক’ভিড-১৯ৰ বাবে ৰাজ্যজুৰি অব্যাহত থকা মৃত্যুৰ ঘটনাই অকল্পনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। আমাৰ মাজৰ পৰা ক’ভিডে অকালতে কাঢ়ি নিছে বহু যুৱ প্ৰতিভাক। এক অপূৰণীয় ক্ষতিৰ সন্মুখীন হৈছে অসংখ্য পৰিয়ালৰ লগতে ৰাজ্যবাসী। গােৱালপাৰা জিলাৰ দুধনৈ মহাবিদ্যালয় আৰু দিছপুৰ মহাবিদ্যালয়ত কৰ্মৰত দুজনকৈ অধ্যাপকৰ ক’ভিড-১৯ত মৃত্যু হৈছে। উল্লেখ্য যে দুধনৈ মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত … Read more

বিশিষ্ট শিক্ষাবিদ- সাহিত্যিক- সাংবাদিক- পদ্মশ্ৰী ডঃ লক্ষ্মীনন্দন বৰাৰ দেহাৱসান

নিউজ ডেস্ক। খহি পৰিল অসমৰ সংবাদ-সাহিত্য জগতৰ আন এটা উজ্জ্বল নক্ষত্ৰ। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী সন্মানেৰে বিভূষিত ডঃ লক্ষ্মীনন্দন বৰাৰ দেহাৱসান। বৃহস্পতিবাৰে দুপৰীয়া শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হােৱাৰ পাছত তেওঁ ২੦ মে’ত গুৱাহাটীৰ এক্সেল কেয়াৰ নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত … Read more

মৰ্মান্তিক! বিদেশত গৱেষণাত ব্ৰতী অসমৰ সম্ভাৱনাপূৰ্ণ ৰসায়ন বিজ্ঞানীৰ ক’ভিড-১৯ ত মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। বিদেশত উচ্চ শিক্ষা সম্পূৰ্ণ কৰিবলৈ গৱেষণা কাৰ্যত ব্ৰতী অসমৰ এগৰাকী মেধাবী ছাত্ৰৰ নিজৰ ওপজা ঠাইতে ক’ভিড-১৯ৰ সংক্ৰমণত মৃত্যু। এই মেধাবী ছাত্ৰ তথা ভৱিষ্যতৰ এজন সম্ভাৱনাপূৰ্ণ বিজ্ঞানীজন হৈছে পংকজলােচন বৰা। বয়স মাত্ৰ ৩২ বছৰ। তেওঁ যোৰহাট পকামুৰা বৰশইকীয়া গাঁওৰ ৰমনীকান্ত বৰা আৰু পূণ প্ৰভা বৰাৰ একমাত্ৰ পুত্ৰ সন্তান। দেওবাৰে নিশা ১১ … Read more

অন্য ৰূপত আৰক্ষী! গৃহহীন বৃদ্ধাক নিজেই আহাৰ খুৱালে আৰক্ষী বিষয়াই, সামাজিক মাধ্যমত উচ্চ প্ৰশংসা

নিউজ ডেস্ক। দৰিদ্ৰ, আশ্ৰয়হীন জনক সহায় কৰাটো যেন প্ৰত্যেকৰে একো একোটা দায়িত্ব। ইয়াৰোপৰি ই এক মানৱীয়তাৰ নিদৰ্শন। এইবাৰ তেনে এক নিদৰ্শন দাঙি ধৰিলে জন সেৱাৰ বাবে ২৪ ঘন্টাই অহৰ্নিশে অতন্দ্র প্রহৰি ৰূপে থকা এজন আৰক্ষী বিষয়াই। আৰক্ষীৰ পোছাকৰ আঁৰত যেন আছে এজন এজন হৃদয়বান লোক। তেনে এজন আৰক্ষী বিষয়াৰ দৃশ্য বৰ্তমান সামাজিক মাধ্যমত হৈ পৰিছে … Read more