সম্ভাব্য দুৰ্ঘটনা ৰােধ কৰি ৰে’ল চালকে লাভ কৰিলে সাহসিকতাৰ বঁটা

নিউজ ডেস্ক। সেইয়া আছিল ১৮ নৱেম্বৰ, ২০২০ ৰ পুৱা ৭:৪০ বজাৰ কথা। তামিলনাডুৰ ভাইগাল এক্সপ্ৰেছ আহি আছিল কডাইকানাল দিশে। ৰে’লখন ১০০০ যাত্ৰী লৈ আহি পাইছিলহি অম্বাত্তুৰাই। তেনেতে চালকে ৰেলপথৰ বেকা অংশত দেখে যে কিছু দূৰ আগত বহুতো প্ৰকাণ্ড শিল পৰি আছে। হ’বলৈ গৈ আছে যেন এক ভয়ংকৰ দুৰ্ঘটনা। তাৎক্ষণিকভাৱে চালকে ল’লে সিদ্ধান্ত। প্ৰত্যুতপন্নমতিতাৰে ঘণ্টাত ৫০ … Read more

বহিঃ ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰা কন্টেইনাৰ ট্ৰাকসহ জব্দ ৩০ টা গৰু

নিউজ ডেস্ক। গণতন্ত্ৰ দিৱসৰ মাজত মাথো কেইটামান ঘণ্টাৰ পূৰ্বে ধুবুৰীৰ ছাগলীয়া আৰক্ষীৰ বৃহৎ সাফল্য । UP-21CN/5373 নম্বৰৰ এখন কন্টেইনাৰ সহ জব্দ ৩০ টাকৈ বহিঃ ৰাজ্যৰ উন্নত জাতৰ গৰু । গৰু কেইটা পশ্চিম বংগৰ সোণাপুৰৰ পৰা গুৱাহাটী লৈ নি থকাৰ সময়তে ছাগলীয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ গৰু কেইটা । গোপন সূত্ৰৰ আধাৰত লাভ কৰা … Read more

পুখুৰীত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

নিউজ ডেস্ক। কলিয়াবৰৰ নিজ-চিলাবন্ধা গাঁৱত উদ্ধাৰ হৈছে এডাল প্ৰকাণ্ড অজগৰ সাঁপ। গাঁওখনৰ এজনৰ ঘৰৰ পুখুৰীত উদ্ধাৰ হৈছে প্ৰকাণ্ড অজগৰটো। গাওঁখনৰ বিদ্যুৎ হাজৰিকা নামৰ যুৱকজনে উদ্ধাৰ কৰে প্ৰায় ৮ ফুট দৈৰ্ঘ্যৰ প্ৰায় ১৬ কেজি ওজনৰ অজগৰটো। গাওঁখনত উদ্ধাৰ হোৱা অজগৰটো চমজাই দিয়ে বনবিভাগৰ হাতত। পৰৱৰ্তী সময়ত বনবিভাগৰ লোকে শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে অজগৰ … Read more

উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেক্ট্ৰিক বাছৰ শুভ উদ্বোধন

নিউজ ডেস্ক। আজি বিশ্বনাথত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধিনত ইলেকট্ৰিক বাছ তথা ইলেকট্ৰনিক বাছ চাৰ্জিং ষ্টেচনৰ শুভ উদ্ধোধন কৰা হয় । উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো গুৱাহাটীত আৰু দ্বিতীয়টো ষ্টেচন আজি বিশ্বনাথ চাৰিআলিত মুকলি কৰা হয় । ২ ঘণ্টা চাৰ্জ কৰি ১২০ কিলোমিটাৰ অতিক্ৰম কৰিব পৰা এই বাছত যাত্ৰা কৰিব পাৰিব ২৭ গৰাকী যাত্ৰীয়ে । প্ৰদুষণ মুক্ত … Read more

এইবাৰ ফলৰ নাম সলনি কৰিলে চৰকাৰে! ‘ড্ৰেগন ফ্ৰুট’ৰ নাম সলনি কৰি দিলে এইটো নাম

নিউজ ডেস্ক। সমগ্ৰ বিশ্বতে ‘ড্ৰেগন ফ্ৰুট’ নামেৰে জনাজাত ফলবিধ এতিয়াৰেপৰা দেশত ‘কমলম’ ফ্ৰুট হিচাপে জনা যাব। গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে ড্ৰেগন ফ্ৰুটৰ এই দেশীয় নাম ৰাখিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ৰূপানীয়ে কয় যে ফলৰ নামত ড্ৰেগন শব্দৰ ব্যৱহাৰ সঠিক নহয়। ড্ৰেগন ফ্ৰুট দেখিবলৈ পদুম ফুলৰ দৰে। সেয়ে পুষ্টিকৰ ফলবিধৰ নাম পদুমৰ সংস্কৃত প্ৰতিশব্দ ‘কমলম’ ৰূপে ৰখা … Read more

মই কোনো বিশেষ সম্প্ৰদায় বা জাতিৰ ৰাষ্ট্ৰপতি নহয়, বৰঞ্চ সমগ্র আমেৰিকাবাসীৰ ৰাষ্ট্ৰপতি, শপত লৈ ৰাষ্ট্ৰপতি জ’ বাইডেন

ইন্টাৰনেচনেল ডেস্ক। অৱশেষত বহু প্ৰতিবাদ, হিংসা, সংগ্ৰাম আৰু উত্তেজনাৰ অন্তত বুধবাৰে আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত ললে যোছেফ আৰ বাইডেন জুনিয়ৰে। শপত বাক্য পাঠ কৰি ৰাষ্ট্ৰপতি জ’ বাইডেনে জিনিলে আমেৰিকাবাসীৰ হৃদয়। শপত লৈ দিয়া তেওঁৰ ভাষণে জিনিলে সকলোৰে অন্তৰ। তেওঁৰ ভাষণৰ সময়ত কেপিটেল বিল্ডিঙত বিৰাজ কৰিলে এক নিস্তব্ধ পৰিৱেশে। WATCH: During a swearing-in ceremony … Read more

প্ৰধানমন্ত্ৰীৰ উপস্থিতিত নেতাজীৰ জন্মবাৰ্ষিকীত গান গাব পাপনে

নিউজ ডেস্ক। পশ্চিমবংগৰ কলকাতাৰ ঐতিহাসিক ভিক্টোৰিয়া মেম’ৰিয়েলত অহা ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্মবাৰ্ষিকী উদযাপন কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অনুসৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটোক পৰাক্ৰম দিৱস হিচাপে পালন কৰিব। প্ৰথম পৰাক্ৰম দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থাকিব। এই কাৰ্যসূচীত দেশৰ প্ৰসিদ্ধ শিল্পী আৰু বিশিষ্ট ৰাজনীতিকসকলে অংশগ্ৰহণ কৰিব। সংগীতানুষ্ঠানত … Read more

ৰাজ্যপালৰ বাসগৃহলৈ হেণ্ড গ্ৰেনেড নিক্ষেপ দুষ্কৃতিকাৰীৰ!

নিউজ ডেস্ক। মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লাৰ চৰকাৰী বাসভৱনলৈ লক্ষ্য কৰি কোনো অজ্ঞাত দুষ্কৃতিকাৰীয়ে হেণ্ড গ্ৰেনেড নিক্ষেপ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। প্ৰাপ্ত খবৰ অনুসৰি, মংগলবাৰে বিয়লি নিৰাপত্তাৰক্ষীৰ বেহু ভেদ কৰি মণিপুৰৰ ৰাজধানী ইম্ফল স্থিত ৰাজভৱনৰ প্ৰৱেশ দ্বাৰৰ ভিতৰলৈ হেণ্ড গ্ৰেনেডটো দলিয়াই থৈ উধাও হয় দুষ্কৃতিকাৰী। অৱশ্যে সৌভাগ্যক্ৰমে বোমাটো বিস্ফোৰণ হোৱাৰ পূৰ্বে ৰাজভৱনৰ নিৰাপত্তাৰ দায়িত্বত … Read more

মহা জোঁটবন্ধনক ‘জঁটবন্ধন’ আখ্যা মন্ত্ৰী পীয়ুষৰ!

নিউজ ডেস্ক। পুনৰ ৰাজ্যৰ বিৰােধী দলসমূহৰ বিৰুদ্ধে সৰৱ মন্ত্ৰী পীযুষ হাজৰিকা। এইবাৰ কংগ্ৰেছ-AIUDF দলৰ নেতৃত্বত গঠন হােৱা মহাজােঁটক কটাক্ষ মন্ত্ৰীগৰাকীৰ। ‘কংগ্ৰেছ-এআইইউডিএফৰ মহাজোঁট বন্ধন নহয়, মহাজঁট বন্ধনহে হ’ব।কেইদিনমনা পিছত জঁট ভাঙওতেই কাজিয়া হ’ব।’- এই মন্তব্য মন্ত্ৰী পীযুষৰ। সাংবাদিকৰ আগত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কংগ্ৰেছো শূন্য আৰু এআইইউডিএফো শূন্য। গতিকে শূন্য যোগ হ’লে উত্তৰ শূন্যই … Read more

বনভোজ খাবলৈ গৈ নাৱৰ পৰা পৰি ব্ৰহ্মপুত্ৰত সন্ধানহীন যুৱক!

নিউজ ডেস্ক। এক মৰ্মান্তিক ঘটনা। লুইতৰ চাপৰিত বনভোজ খাবলৈ গৈ নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন হ’ল এজন যুৱক। জানিব পৰা মতে, আমিনগাঁও মৰিয়াপট্টিত সংঘটিত হৈছে এই ঘটনা। নাৱৰ পৰা নদীত পৰি সন্ধানহীন হ’ল গুৱাহাটীৰ কামাখ্যা গে’টৰ শিৱ লহকৰ নামৰ এজন যুৱক। বনভােজ খাবলৈ গৈ হাত নাওৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল গুৱাহাটীৰ কামাখ্যা গে’টৰ শিৱ লহকৰ নামৰ এজন … Read more