আবেগিক মুহূৰ্ত! বিবাহ অনুষ্ঠানত প্ৰয়াত মাতৃৰ ফটো বুকুত সাৱটি প্ৰৱেশ কইনাৰ

নিউজ ডেস্ক। আইৰ সমান হ’ব কোন, নৈৰ সমান বব কোন! পৃথিৱীৰ এনে কোনো স্থানেই হয়তো যত মাতৃৰ প্ৰতি থকা আবেগ পৃথক হ’ব। সকলো ঠাইতেই আই মানে বুজাব নোৱাৰা অনুভূতি। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মাতৃ-কন্যাৰ এৰাব নোৱাৰা স্নেহৰ এক ভিডিঅ’। মাতৃৰ বিয়োগৰ পিছতো এগৰাকী কন্যাই নিজৰ বিবাহ অনুষ্ঠানত মাতৃৰ এখন আলোকচিত্ৰ হাতত লৈ প্ৰৱেশ … Read more

অসমৰ প্রথম আন্তঃৰাষ্ট্রীয় টেবুল টেনিছ তাৰকা ডঃ নন্দিনী বৰুৱা শৰ্মাৰ দেহাৱসান

নিউজ ডেস্ক। অসমৰ ক্ৰীড়া জগতৰ বাবে এক দুঃসংবাদ। অসমৰ প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টেবুল টেনিছ খেলুৱৈ, ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক ডঃ নন্দিনী বৰুৱা শৰ্মাৰ ৬২ বছৰ বয়সত বিয়ােগ। বিগত কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকা খ্যাতনামা টেবুল টেনিছ খেলুৱৈয়ে শনিবাৰে দিল্লীৰ এখন বেচৰকাৰী চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ মাতৃৰ উপৰি স্বামী তথা অৱসৰপ্রাপ্ত ভাৰতীয় প্রশাসনিক … Read more

সুদক্ষ আৰক্ষী বিষয়া মস্কো শইকীয়াৰ আকস্মিক বিয়ােগ

নিউজ ডেস্ক। মঙলদৈত এক মৰ্মান্তিক ঘটনা! মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়াৰ আকস্মিক দেহাৱসান। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নিশা মৃত্যু হয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়াৰ। জানিব পৰা মতে, শনিবাৰে দায়িত্ব পালন কৰি থকাৰ সময়তে উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ পৰিছিল মস্কো শইকীয়া। পুৱতি নিশা ৪ বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাত গুৱাহাটী … Read more

শােকাৱহ! মহানগৰীত ক’ভিড-১৯ত স্বামীৰ মৃত্যুৰ এপষেক পাছত প্ৰাণ ত্যাগ পত্নীৰ

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন ঠাইত এতিয়াও অব্যাহত আছে ক’ভিড-১৯ৰ কাল ৰূপ। ক’ভিড-১৯ৰ সংক্ৰমণত গুৱাহাটী মহানগৰীৰ এজন বিশিষ্ট ব্যৱসায়ী তথা পত্নীয়ে এপষেকৰ ব্যৱধানত প্ৰাণ ত্যাগ কৰা ঘটনাই পৰিয়াল তথা আত্মীয় কুটুম্বক মৰ্মাহত কৰি তুলিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট ব্যৱসায়ী বিজয় গােৱেংকা তথা সহ-ধৰ্মিণী অনুৰাধা গােৱেংকাই ক’ভিড-১৯ৰ সংক্ৰমণত চলিত মাহতে মৃত্যুক আঁকােৱালি লােৱা বুলি জানিব পৰা গৈছে। … Read more

মৰ্মান্তিক! শুই থকা অৱস্থাত বনৰীয়া হাতীৰ আক্ৰমণত দুই কণমানিৰ মৃত্যু, বিধ্বস্ত ঘৰ

নিউজ ডেস্ক। ৰাজ্যজুৰি অব্যাহত থকা হাতী-মানুহৰ সংঘাত মাজতে সংঘটিত হৈছে এক কৰুণ ঘটনা। নিশা শুই থকা অৱস্থাতে বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল দুই কণমানিৰ। হাতীৰ আক্ৰমণত বিধ্বস্ত হৈ পৰিল ঘৰখন। এই ঘটনা সংঘটিত হৈছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ১ নং বালিজুৰিত। এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে নিশা প্ৰায় ২ মান বজাত ১ নং বালিজুৰি নিবাসী মিকুদিন ছালা … Read more

আবেগিক মুহূৰ্ত! শ্বহীদ জােৱানৰ ভগ্নীৰ বিয়াত ভাতৃৰ সমস্ত দায়িত্ব পালন সতীৰ্থ জোৱানৰ

নিউজ ডেস্ক। শ্বহীদ সতীৰ্থৰ জােৱানৰ ভগ্নীৰ বিয়াত ভাতৃৰ দায়িত্ব পালন কৰিলে কেইবাজনো চিআৰপিএফ জোৱানে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ই এতিয়া আবেগিক কৰি তুলিছে সকলোকে। দৰাচলতে উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ চিআৰপিএফ জোৱান শৈলেন্দ্ৰ প্ৰতাপ সিং ২০২০ চনৰ অক্টোবৰত কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছিল। এইগৰাকী শ্বহীদ জোৱানৰে ভগ্নী জ্যোতিৰ বিবাহ সম্পন্ন হয় ২০২১ চনৰ ১৩ … Read more

হেলিকপ্টাৰ দুৰ্ঘটনাত একমাত্ৰ জীৱিত গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যু, ভাইৰেল তেখেতে লিখা এখন প্ৰত্ৰ

নিউজ ডেস্ক। চলিত মাহত ৮ ডিচেম্বৰত তামিলনাডুৰ কুন্নৰত সংঘটিত ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত একমাত্ৰ জীৱিত ব্যক্তি গ্ৰুপ কেপ্টেইন বৰুণ সিঙে বুধবাৰে পুৱা মৃত্যুবৰণ কৰে। দুৰ্ঘটনাটোত ভাৰতৰ সামৰিক বাহিনীৰ প্ৰধান বিপিন ৰাৱাটসহ থিতাতে ১৩ জন লোকৰ মৃত্যু হৈছিল। উক্ত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা গ্ৰুপ কেপ্টেইন বৰুণ সিঙে এসপ্তাহে মৃত্যুৰে যুঁজ দি বুধবাৰে পুৱা বাংগালুৰুৰ বায়ু … Read more

বায়ুসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত আহত গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ দেহাৱসান

নিউজ ডেস্ক। যােৱা ৮ ডিচেম্বৰত তামিলনাডুৰ কুন্নুৰত সংঘটিত ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত একমাত্ৰ জীৱিত ব্যক্তি গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যু। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বৰুণ সিঙ শেহতীয়াকৈ বাংগালুৰু স্থিত বায়ু সেনাৰ কামাণ্ড হাস্পতালত চিকিৎসাধীন হৈ আছিল। বিগত ৭ দিনে মৃত্যুৰ সৈতে যুঁজ দি তেওঁ বুধবাৰে পুৱা শেষ নিস্বাস ত্যাগ কৰে। এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ … Read more

শােকাৱহ! জন্মদিন উদযাপনৰ কৰি ওভতাৰ পথত প্ৰাণ গ’ল ৩ বন্ধুৰ, আহত ২

নিউজ ডেস্ক। দুৰ্ঘটনা প্ৰতিৰােধৰ বাবে ৰাজ্যৰ পৰিবহন বিভাগে বিভিন্ন কাৰ্যব্যৱস্থা হাতত লােৱাৰ মাজতাে ৰাজ্যজুৰি নিতৌ সংঘটিত হৈছে বহু পথ দুৰ্ঘটনা। বিশেষকৈ ঘন কুঁৱলী, মদ্যপান তথা তীব্ৰবেগত গাড়ী চলোৱাৰ বাবে অধিকাংশ দুৰ্ঘটনা সংঘটিত হৈছে। তেনে এক শােকাৱহ পথ দুৰ্ঘটনাত সােমবাৰে নিশা প্ৰাণ গ’ল একেখন গাঁৱৰ তিনি বন্ধুৰ, গুৰুতৰভাৱে আহত হ’ল আন দুজন। এইবাৰ ঘটনাৰ স্থান মৰিগাঁও … Read more

চলন্ত ৰে’লত উঠিবলৈ গৈ বিপদত পৰিল এজন বয়ােজ্যেষ্ঠ লােক, CCTV ত বন্দী সমগ্ৰ ঘটনা

নিউজ ডেস্ক। তিনিচুকীয়া ৰে’ল ষ্টেচনত এক নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এজন বয়ােজ্যেষ্ঠ লােক। ৰে’লৱে প্লেটফ’ৰ্মত নিয়ােজিত আৰ পি এফ জােৱানৰ তৎপৰতাৰ বাবে প্ৰাণ ৰক্ষা পৰিল লােকজনৰ। জানিব পৰা মতে, শনিবাৰে ১৫৬੦৩ নং গুৱাহাটী-লিডাে ইন্টাৰচিটি এক্সপ্ৰেছে ষ্টেচনৰ পৰা ৰাওনা হােৱাৰ সময়তে এজন বয়ােজ্যেষ্ঠ লােকে ৰে’লখনত উঠিবলৈ প্ৰয়াস কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ ট্ৰেনখনৰ দবাৰ গেটৰ হেণ্ডেলত … Read more