স্বাৱলম্বিতাৰ ব্যতিক্ৰমী বাট দেখুৱাই সামাজিক মাধ্যমত চৰ্চিত হৈ পৰা অসমৰ এগৰাকী সাহসী যুৱতী…

নিউজ ডেস্ক। সামাজিক মাধ্যমত হঠাতে চৰ্চিত হৈ পৰিছে অসমৰ এগৰাকী যুৱতী। স্বাৱলম্বিতাৰ বাবে যুৱতীগৰাকীয়ে বাচি লােৱা ব্যতিক্ৰমী পন্থাৰ বাবে সকলােৱে একমুখে প্ৰশংসা কৰিছে যুৱতীগৰাকীক। প্ৰচণ্ড ৰ’দ-বৰষুণকো নেওচি কাহিলি পুৱাৰ পৰা নিশালৈ নিজ কৰ্মত ব্যস্ত এইগৰাকী সাহসী যুৱতী। শােণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পাঁচিগাঁৱৰ ২০ বছৰীয়া এই যুৱতীগৰাকীৰ নাম লীজা ভূঞা। স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰীগৰাকীৰ কৰ্মই সকলোৰে দৃষ্টি … Read more

কংগ্ৰেছ দলত যোগদান বাওঁপন্থী নেতা কানহাইয়া কুমাৰৰ

মঙলবাৰে কংগ্ৰেছ দলে লাভ কৰে দেশৰ অন্যতম যুৱ নেতা তথা বিহাৰৰ বাওঁপন্থী নেতা কানহাইয়া কুমাৰক। ৰাহুল গান্ধীৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰে কানহাইয়া কুমাৰে। কংগ্ৰেছত যোগদান কৰাৰ সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কানহাইয়া কুমাৰে কয় যে তেওঁ দেশৰ আটাইতকৈ গণতান্ত্ৰিক দল কংগ্ৰেছত যোগদান কৰিছে। যদি কংগ্ৰেছ বাচি নাথাকে, তেন্তে দেশখন জীয়াই নাথাকিব। তেওঁ আৰু কয়, … Read more

হঠাৎ পঞ্জাৱ কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা পদত্যাগ নৱজ্যোত সিং সিদ্ধুৰ

নিউজ ডেস্ক। ঘনে ঘনে ৰাজনৈতিক পট পৰিৱৰ্তন ঘটিছে পঞ্জাৱত। বেছ কিছুদিন ধৰি ৰাজনৈতিক বতাহ গৰম হৈ আছে পঞ্জাৱত। অলপতে দলীয় বিসম্বাদ তথা বিধায়কৰ বিৰোধিতাৰ বাবে পঞ্জাৱত কেপ্টেইন অমৰিন্দৰ সিঙে পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰী পদৰ পৰা। ইয়াৰ পিছতেই নতুন মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল চৰণজিৎ সিং চান্নিয়ে। আৰু এইবাৰ পঞ্জাৱৰ ৰাজ্যিক কংগ্ৰেছ সভাপতিৰ পদৰ পৰা আচম্বিতে পদত্যাগ কৰিলে … Read more

পুত্ৰৰ মৃত্যুৰ পিছত ক্ষতিপূৰণ হিচাপে লাভ কৰা ২৭.৩০ লাখ টকা দৰিদ্ৰ শিশুৰ বাবে আগবঢ়ালে পিতৃ-মাতৃয়ে

নিউজ ডেস্ক। এক ইতিবাচক খবৰ। পথ দুৰ্ঘটনাত মৃত্যু হৈছিল পুত্ৰ। ইয়াৰ পিছতেই গাড়ীৰ বীমা সংস্থাৰ পৰা পিতৃ-মাতৃয়ে লাভ কৰিছিল ২৭.৩০ লক্ষ টকা। কিন্তু সেই টকা নিজৰ বাবে নল’লে পিতৃ-মাতৃয়ে। তাৰ পৰিৱৰ্তে পিতৃ-মাতৃয়ে ললে এক মহৎ পদক্ষেপ। দৰিদ্ৰ তথা জনজাতীয় শিশুৰ শিক্ষা আৰু অন্যান্য সুবিধা প্ৰদান কৰিবলৈ তেওঁলোকে আগবঢ়ালে সেই টকা। সেই কাৰ্যৰ বাবে তেওঁলোকে খুলিলে … Read more

নকলৰ বাবে ৬ লাখ টকাৰ ব্লু’টুথ্ চেণ্ডেল ক্ৰয় ২৫ জনৰ, পৰীক্ষা কেন্দ্ৰত আটক

নিউজ ডেস্ক। এক আচৰিত ঘটনা। শিক্ষক যোগ্যতাৰ পৰীক্ষাত প্ৰাৰ্থীয়ে নকলৰ বাবে ব্যৱহাৰ কৰিলে অত্যাধুনিক পদ্ধতি। নকলৰ বাবে নিজৰ পৰিহিত চেণ্ডেলত প্ৰাৰ্থীয়ে ব্যৱহাৰ কৰিলে ব্লুটুথ ডিভাইচ। এই ঘটনা দেওবাৰে সংঘটিত হয় ৰাজস্থানত। ৰাজস্থান শিক্ষক যোগ্যতা পৰীক্ষাত সংঘটিত হয় এই আচৰিত ঘটনা। জানিব পৰা মতে, কেইবাটাও পৰীক্ষা কেন্দ্ৰত এনে পদ্ধতি ব্যৱহাৰ কৰা প্ৰাৰ্থী সকলক ধৰা পেলোৱা হয়। … Read more

নাই বিদ্যু সংযােগ, বেটাৰীৰে ম’বাইল চাৰ্জ দিবলৈ অসমৰ এখন গাঁৱত গঞাৰ দীঘলীয়া শাৰী

নিউজ ডেস্ক। লংকাৰ কাকীত বিদ্যুতৰ বাবে হাহাকাৰ ৰাইজৰ। কাকী ৰণথলী গাঁৱৰ ৰাইজৰ এই হাহাকাৰ। হোজাই জিলাৰ লামডিং সমষ্টিৰ কাকীত থাইছুংপাৰ পঞ্চায়তৰ এখন গাঁও। গাঁওখনৰ নাম ‘২হাজাৰ বিঘা ৰণথলী’ গাঁও। . ৫੦ বছৰে গাঁও পাতি ৰাইজে বসবাস কৰি আছে যদিও গাঁওখনত আজিলৈ নহ’ল বিদ্যুৎ সংযোগ। নিৰ্বাচনৰ পূৰ্বে বহু ৰাজনীতিবিদ বা পঞ্চায়তৰ প্ৰতিনিধি নেতাসকল গাঁওখনলৈ আহি প্ৰতিশ্ৰুতিৰ … Read more

‘হাফ পেণ্ট’ পিন্ধি কাৰ্যালয়লৈ নাহিব! ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত জাননী

নিউজ ডেস্ক। পুনৰ চৰ্চাত হাফ পেন্ট। অৱশ্যে এইবাৰ কােনাে পৰীক্ষা কেন্দ্ৰক লৈ নহয়, ৰাজহ চক্ৰ বিষয়াৰ জাননীৰ পিছতহে চৰ্চিত হৈছে হাফ পেন্ট। উল্লেখ্য যে চৰাইদেউ জিলাৰ সাপেখাতীৰ ৰাজহ চক্ৰৰ কাৰ্য্যালয়ত আঁৰি থোৱা এখন বিশেষ জাননীয়ে এতিয়া সৰ্বত্ৰে চৰ্চাৰ কাৰণ হৈ পৰিছে। কাৰ্য্যালয়ৰ বেৰত আঁৰি থোৱা জাননীত উল্লেখ কৰা আছেঃ কাৰ্যালয়ৰ শিষ্টাচাৰ নীতি অনুসৰি এই কাৰ্যালয়ত … Read more

দৰমহা নহয়, লােকসেৱাৰ জৰিয়তে জীৱন সাৰ্থক কৰিবলৈ অৱতীৰ্ণ হ’লাে UPSC পৰীক্ষাতঃ হাচানুজ্জামান

নিউজ ডেস্ক। শুকুৰবাৰে ঘোষিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হল অসমৰ এজন যুৱক। বৰাক উপত্যকাৰ হাইলাকান্দিৰ যুৱক আহমেদ হাচানুজ্জামান চৌধুৰী উত্তীৰ্ণ হল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত। তেওঁ লাভ কৰিবলৈ সক্ষম ২৮৩ সংখ্যক স্থান। তেওঁৰ এই সফলতাই আনন্দৰ বন্যা কঢ়িয়াই আনিছে সমগ্ৰ বৰাকবাসীলৈ। চৌধুৰী জামিয়া মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জনিয়াৰিঙ বিভাগৰ স্নাতক। চৌধুৰীয়ে ২০১২ চনত … Read more

ফেব্ৰুৱাৰীত স্থিৰ হৈছিল বিয়াৰ দিন হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ সেনা মেজৰ অনুজৰ

নিউজ ডেস্ক। জম্মু-কাশ্মীৰৰ উধমপুৰত হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ হৈছিল হাৰিয়ানাৰ মেজৰ অনুজ ৰাজপুত। যোৱা ২১ ছেপ্টেম্বৰত সংঘটিত দুৰ্ঘটনাত শ্বহীদ হৈছিল জোৱানজন। মেজৰ অনুজ পিতৃ-মাতৃৰ একমাত্ৰ পুত্ৰ আছিল। তেওঁৰ মৃত্যুৰ ৪ দিন পূৰ্বে অৰ্থাৎ ১৮ ছেপ্টেম্বৰত তেওঁৰ জন্মদিন আছিল। ডেৰ মাহ পূৰ্বে যোৱা ২৩ জুলাইত অনুজৰ বাগদান হৈছিল। জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ পত্নীটপত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ … Read more

বিবাহৰ নামত বহু যুৱকক প্ৰৱঞ্চনা, আৰক্ষী জালত পৰিল ছদ্মবেশী ‘ড্ৰীম গাৰ্ল’!

নিউজ ডেস্ক। আয়ুষ্মান খুৰানাৰ ‘ড্ৰীম গাৰ্ল’ ছবিখন আপোনাৰ নিশ্চয় মনত আছে। য’ত তেওঁ ছোৱালীৰ ভাও ধৰি আনক ভুৱা দিছিল। এইবাৰ বাস্তৱত তেনে ধৰণৰ এক ঘটনা সংঘটিত হৈছে। এনে এক ঘটনা সংঘটিত হৈছে ছত্তীশগড়ত। জানিব পৰা মতে, ছত্তীশগড়ৰ এজন দুষ্ট ব্যক্তিয়ে যোৱা ৩ বছৰত দেশৰ বহুলোকক তেনে কাৰ্যৰে প্ৰতাৰণা কৰিছে। বিবাহৰ বাবে প্ৰতাৰণা কৰা দুষ্ট ব্যক্তিজনে … Read more