একাধিক কেন্দ্ৰীয় মন্ত্ৰীক লৈ পাকিস্তান সীমান্তৰ ৰাজপথত নামিল বায়ুসেনাৰ যুদ্ধ বিমান…

নিউজ ডেস্ক। ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত আন এক সংযোজন। এতিয়াৰে পৰা ৰাজপথত অৱতৰণ কৰিব বিমান। বৃহস্পতিবাৰে ভাৰতে পুনৰ এবাৰ নিজৰ নিৰাপত্তাৰ সম্ভাৱনা প্ৰদৰ্শন কৰে। পাকিস্তান সীমান্তৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত থকা বাৰ্মাৰত বিমান অৱতৰণ কৰা পথ উদ্বোধন কৰা হয়। ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰাজপথত জৰুৰীকালীনভাৱে কৰিব পাৰিব বিমান অৱতৰণ। উদ্বোধনী অনুষ্ঠানত যুঁজাৰু বিমান চুখই-৩০ আৰু … Read more

ৰাজ ফেটী সাপ উদ্ধাৰ অভিযানত ঘটিল এই ঘটনা, ভিডিঅ’ ভাইৰেল…

নিউজ ডেস্ক। জন্তুৰ সৈতে মুখামুখি হোৱাটো কেতিয়াবা বিপদজনক হ’ব পাৰে। আনকি অভিজ্ঞ বা বিশেষজ্ঞৰ বাবেও ই হৈ পৰিব পাৰে বিপদজনক। বৰ্তমান তেনে এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। য’ত দেখা পোৱা গৈছে এক প্ৰকাণ্ড ৰাজ ফেঁটী সাপ উদ্ধাৰ কৰিবলৈ গৈ একেবাৰে ওচৰত মুখামুখি হল উদ্ধাৰকাৰী। যি সময়ত সাপডালে তুলি আহিছিল ফনা। সামাজিক মাধ্যমত ভাইৰেল … Read more

মাতৃক চিৰদিনৰ বাবে হেৰুৱালে অক্ষয় কুমাৰে

নিউজ ডেস্ক। বলিউড অভিনেতা অক্ষয় কুমাৰৰ মাতৃৰ বিয়োগ। বুধবাৰে পুৱাই মৃত্যু হয় অভিনেতাজনৰ মাতৃ অৰুণা ভাটিয়াৰ। “মই জীয়াই থকাৰ আধাৰ আছিল মোৰ মা। মাৰ মৃত্যুত এক অসহ্য যন্ত্ৰণা অনুভৱ কৰিছো।”- মাতৃৰ মৃত্যুত এনেদৰেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বলিউড ষ্টাৰ অক্ষয় কুমাৰে। টুইটাৰত অভিনেতাজনে কয়, “কোনোধৰণৰ কষ্ট নোপোৱাকৈ শান্তিত শেষ নিশ্বাস ত্যাগ কৰে মায়ে। মা আৰু নাই। … Read more

মেকুৰী চিকাৰ কৰিবলৈ গৈ নিজে বিপদত পৰিল বাঘ! ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। নিশা মেকুৰী খাবলৈ খেদি আহিছিল বন ৰজা। কিন্তু চিকাৰৰ লক্ষ্যত থাকোতে মেকুৰীৰ লগতে বাঘো পৰিল কুঁৱাৰ ভিতৰত। কুঁৱাৰ ভিতৰতে মুখামুখি হল দুয়ো। কিন্তু বিপদৰ সময়ত চিকাৰ নকৰিলে বাঘে। মেকুৰীয়ে ভয় খাইছিল যদিও পিছত বাঘৰ বুকুৰ মাজতহে বিচাৰি পাইছিল নিৰাপত্তা। এই ঘটনা যোৱা শনিবাৰে নিশা সংঘটিত হয় মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ কানকৰি গাঁৱত। এনে এটা … Read more

ৰঙা ৰঙৰ ভেণ্ডি, প্ৰতি কিলোৰ দৰ ৮০০ টকা পৰ্যন্ত…

নিউজ ডেস্ক। ভেণ্ডি। ভাৰতীয় বজাৰত এক বিশেষ চাহিদা থকা পাচলি হৈছে ভেণ্ডি। য’ত থাকে যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন। সাধাৰণতে ভেণ্ডি দেখাত সেউজীয়া বৰণৰ আৰু লাহি হয়। কিন্তু বৰ্তমান উদ্ভৱ হৈছে এক ব্যতিক্ৰমী ভেণ্ডিৰ। যিবিধ দেখাত ৰঙা ৰঙৰ। এই ব্যতিক্ৰমী ভেণ্ডি বিধ দেখা পোৱা গৈছে মধ্য প্ৰদেশৰ ভূপালৰ খাজুৰী কালানৰ এজন খেতিয়কৰ বাৰীত। এই খেতিয়ক … Read more

সুৰংগৰ মাজেৰে বিমান উৰুৱাই গঢ়িলে বিশ্ব অভিলেখ…

নিউজ ডেস্ক। ইটালীৰ পেছাদাৰী প্ৰতিযোগী তথা ষ্টান্ট পাইলট ডাৰিঅ কোষ্টাৰ গিনীজ ৰেকৰ্ড স্থাপন। তুৰ্কীৰ উত্তৰ মাৰ্মাৰা ঘাইপথৰ দুটা পথৰ সুৰংগৰ মাজেৰে এখন বিমান উৰুৱাই বিশ্বক হতবাক কৰি তোলে তেওঁ। তেনে এটা আচৰিত ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে এনাৰ্জি ড্ৰিংক কোম্পানী ৰেড বুলে। য’ত পাইলটজনে তেওঁৰ পৰিৱৰ্তিত জিভকো এজ ৫৪০ এৰোবেটিক মনোপ্লেন খন কেটালকা মেভকি সুৰংগৰ … Read more

যুৱকৰ তৎপৰতাত ৰক্ষা পৰিল এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা…

নিউজ ডেস্ক। এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন ৰে’ল। ভাঙি থকা ট্ৰেক প্ৰত্যক্ষ কৰি যুৱকে নিজৰ পৰিহিত গুলপীয়া ৰঙৰ টি-চাৰ্ট খুলি ইংগিত দিলে আহি থকা ৰে’লক। যাৰ ফলত চালকে গতি কমাই দিয়ে ৰে’লৰ। আৰু ৰক্ষা পৰে বহুতৰ জীৱন। এই ঘটনা শনিবাৰে পুৱা সংঘটিত হয় মধ্য প্ৰদেশৰ চেহোৰা-জবলপুৰ ৰে’ল ষ্টেচনৰ মাজত। জানিব পৰা … Read more

ক’ভিডত প্ৰাণ হেৰুওৱা পিতৃৰ সমাধিস্থলত কেক কাটি জন্মদিন উদযাপন শিশু কন্যাৰ

নিউজ ডেস্ক। এক আৱেগিক দৃশ্য। হয়তাে আপুনি কাহানিও দেশ নাই তেনে দৃশ্য। দৃশ্যটো দেখি আপোনাৰো হয়তো চকুপানী ওলাব। দৃশ্যটো এগৰাকী আঠ বছৰীয়া কন্যা শিশুৰ। যিয়ে কভিডত হেৰুওৱা পিতৃৰ সমাধিস্থলত কেক কাটি উদযাপন কৰিলে নিজৰ জন্মদিন। এই দৃশ্য কৰ্ণাটকৰ। শিশু গৰাকীৰ নাম স্পন্দনা। এই দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। দৃশ্যটোত দেখা অনুসৰি, স্পন্দনাই নিজৰ … Read more

চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল

মেষ ৰাশি- কিছু সময়ৰ পৰা বাধাপ্ৰাপ্ত হোৱা কামবোৰ এই সপ্তাহত অতি সহজ উপায়েৰে সমাধান হ’ব। আপুনি নিকট আত্মীয়ৰ সৈতে মনোৰঞ্জন কাৰ্যসূচী সৃষ্টি কৰিব। ধৰ্মীয় কাৰ্যকলাপৰ প্ৰতি প্ৰৱণতাও বৃদ্ধি পাব। সময় আপোনাৰ পক্ষত আছে। গতিকে ইয়াক সদব্যৱহাৰ কৰক। কিন্তু মনত ৰাখিব যে যিকোনো কাম কৰাৰ আগতে ভাল আৰু বেয়া দিশবোৰ বিবেচনা কৰাটো অতি গুৰুত্বপূৰ্ণ। সন্তানৰ সমস্যাবোৰ … Read more

বিবাহ বাৰ্ষিকীত শ্বহীদ স্বামীৰ সৈতে বিশেষ ‘ছেলফি’ পত্নীৰ! ভাইৰেল ফটাে

নিউজ ডেস্ক। এক বিশেষ ছেলফি। যিখন ছেলফি শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ছেলফিখন ভাইৰেল হোৱাৰ মূল কাৰণটো হ’ল শ্বহীদ স্বামীৰ আৱক্ষ মূৰ্তিৰ সৈতে বিবাহ বাৰ্ষিকীৰ দিনত ছেল্ফি উঠিছে এগৰাকী মহিলাই। এক আৱেগিক মুহূৰ্তৰ এনে ছেলফি পূৰ্বতে হয়তাে অধিকাংশ সামাজিক মাধ্যমৰ ব্যৱহাৰকৰীয়েই প্ৰত্যক্ষ কৰা নাই। জানিব পৰা মতে, মহিলা গৰাকীৰ নাম প্ৰিয়ংকা ৰায়। তেওঁৰ স্বামী … Read more