হঠাৎ খং উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ধমক দিলে জিলা উপায়ুক্তক

নিউজ ডেস্ক। নগাঁৱত হঠাৎ খং উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। খঙৰ ভমকত জিলা উপায়ুক্তক ওচৰলৈ মাতি ধমকো দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ এই খং দেখি তবধ মানিলে সকলোৱে। দৰাচলতে শনিবাৰে কেইবাটাও কাৰ্যসূচী হাতত লৈ নগাঁৱত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডঃ শৰ্মা। নগাঁও চহৰৰ কেবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ মৃত্যুঞ্জয় মন্দিৰ দৰ্শনৰ বাবে যায়। ইফালে মুখ্যমন্ত্ৰীৰ আগমনক লৈ … Read more

পত্নী-পুত্ৰসহ ক’ভিড-১৯ত আক্ৰান্ত বিধায়ক অখিল গগৈ

ক’ভিড-১৯ত আক্ৰান্ত হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ, পত্নী আৰু পুত্ৰ। ক’ভিড-১৯ত আক্ৰান্ত হৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, পত্নী আৰু পুত্ৰ। শুকুৰবাৰে কৰা ক’ভিড পৰীক্ষাত অখিল গগৈৰ পত্নী গিতাশ্ৰী তামুলী আৰু পুত্ৰ নচিকেটাৰ ৰিজাল্ট পজিটিভ আহে। আনহাতে, ৰেপিড এন্টিজেন টেষ্টত অখিল গগৈৰ ৰিজাল্ট নিগেটিভ আহে যদিও আৰটিপিচিআৰ টেষ্টৰ ৰিজাল্টত তেওঁ ক’ভিড-১৯ … Read more

ক’ভিড-১৯ত আক্ৰান্ত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

কোৰোনাত আক্ৰান্ত হৈছে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। শুকুৰবাৰে কৰা কোভিড পৰীক্ষাত আৰক্ষী অধীক্ষক গৰাকী কোভিড পজিটিভ ধৰা পৰে। উল্লেখ্য যে, নৱবৰ্ষৰ আৰম্ভণিতে দুলিয়াজানত অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনত অংশ লৈছিল আনন্দ মিশ্ৰইও। সেই সন্মিলনত অংশ লোৱা কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক কোভিডত আক্ৰান্ত হয় যদিও সেই সময়ত কোভিড ৰিজাল্ট নিগেটিভ আহে নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীৰ। কিন্তু … Read more

ঘৰতে মাছে-মঙহে খোৱাটোৱে ভোগালী, বিহু হাজাৰ মানুহ জমা হোৱা উৎসৱ নহয়ঃ বিশ্বজিৎ দৈমাৰী

‘বিহু হাজাৰ মানুহ জমা হোৱা উৎসৱ নহয়, ঘৰতে পিঠা বনাই এসাজ মাছে-মঙহে খোৱাটোহে হ’ল ভোগালী বিহু।’ -ভোগালী বিহুক লৈ এই মন্তব্য বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ। কোকৰাঝাৰ চহৰৰ হাব্ৰবাৰীস্থিত ড০ শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয়খনৰ সমস্যাৰ বুজ লয় বিধানসভাৰ অধ্যক্ষগৰাকীয়ে। তাৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি চৰকাৰে জাৰি কৰা নতুন এছঅ’পিৰ সমৰ্থনত … Read more

DSP ৰূপে নিযুক্তি লাভ লাভলীনা বৰগোঁহাইৰ, মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে নিযুক্তিপত্ৰ

টকিঅ’ অলিম্পিকত পদক জয়েৰে অসম তথা ভাৰতবাসীক গৌৰৱাম্বিত কৰা অসমকন্যা লাভলীনা বৰগোঁহাইয়ে বুধবাৰে যোগদান কৰে অসম আৰক্ষী ডিএছপি পদত। জনতা ভৱনত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ উপস্থিতিত ডিএছপি পদত নিযুক্ত হয় লাভলীনা বৰগোঁহাই। ক্ৰীড়াবিদ গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, লাভলীনাৰ পূৰ্বে বিশ্ব … Read more

৩১ ডিচেম্বৰৰ দৰেই মাঘ বিহুতো সান্ধ্য আইন শিথিল কৰক! মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান অখিল গগৈৰ

‘৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত চৰকাৰে শিথিল কৰিছিল সান্ধ্য আইন। এতিয়া মাঘৰ বিহুৰ উৰুকা আৰু প্ৰথম দিনটোতো চৰকাৰে সকলো বাধা নিষেধ উঠাই লব লাগে।’ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই আহ্বান জনালে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। সাংবাদিকৰ সতে বাৰ্তালাপ কৰি অখিল গগৈয়ে কয় যে মাঘ বিহু অসমীযাৰ জাতীয় উৎসৱ। যোৱা … Read more

চান্দা তুলি শিল্পীক ধন দিব নালাগেঃ জুবিন গাৰ্গ

নিউজ ডেস্ক। পুনৰ চৰ্চাৰ প্ৰসংগ বিহুৰ সাংস্কৃতিক অনুষ্ঠান আৰু চান্দা! এইবাৰ বিহুৰ নামত চান্দা তােলাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ জুবিন গাৰ্গক। তেজপুৰত সাংবাদিকসকলৰ সৈতে হােৱা এই সাক্ষাৎকাৰত জুবিনে কয়, ‘মই চান্দা বেয়া পাওঁ’। চান্দা অবিহনে শিল্পীসকলক কেনেকৈ মাননি দিয়া হ’ব বুলি সােধা প্ৰশ্ন সন্দৰ্ভত জুবিনে কয় যে যেতিয়া বিহুৰ অনুষ্ঠান পতা হয়, তেতিয়া মনৰ আগ্ৰহেৰে মাননি … Read more

উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ অসম সচিবালয়ৰ কৰ্মচাৰী সীমা দেৱী…

উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ অসম সচিবালয়ৰ কৰ্মচাৰী সীমা দেৱী। দুৰ্নীতি নিবাৰণ শাখাই গ্ৰেপ্তাৰ কৰে সীমা দেৱীক। ৪ হাজাৰ টকা উৎকোচ লৈ জালত পৰিল কৰ্মচাৰী গৰাকী। এগৰাকী লোকৰ পৰা ৪ হাজাৰ টকাৰ উৎকোচ লোৱাৰ অভিযোগ সীমা দেৱীৰ বিৰুদ্ধে। Senior Assistant WPT Smt (name withheld) arrested inside Dispur Secretariat WPT Deptt today in a Trap by … Read more

শাৰীৰিক প্ৰতিবন্ধকতা নেওচি সাহিত্য জগতত উজলিছে হিয়া…

নিউজ ডেস্ক। ইচ্ছা, একাগ্ৰতা তথা নিৰলস সাধনা থাকিলে যে শাৰীৰিক প্ৰতিবন্ধকতা হেলাৰঙে অতিক্ৰম কৰিব পৰা যায় সেয়া প্ৰমাণ কৰি দেখুৱালে বস্ত্ৰ নগৰী শুৱালকুছিৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱতীয়ে। শুৱালকুছিৰ ৰুদ্ৰ দাস আৰু জীনা দাসৰ কন্যা হিয়া দাসক শাৰীৰিক অক্ষমতাই যেন বাধা দি ৰাখিব পৰা নাই। হিয়াই সৰুৰে পৰা খোজকাঢ়িব নোৱাৰে, বিকল তাইৰ দুয়োখন ভৰি, এখন হাত … Read more

অনলাইন আইফোনৰ অৰ্ডাৰ দি প্ৰৱঞ্চনাৰ বলি হ’ল গুৱাহাটীৰ মহিলা!

নিউজ ডেস্ক। মানুহৰ ব্যস্ততা যিমানেই বৃদ্ধি পাইছে, সিমানেই বৃদ্ধি পাইছে ই-কমাৰ্চ প্লেটফৰ্মসমূহৰ চাহিদা। বৰ্তমান সময়ত অধিকাংশ লোকেই দোকানলৈ গৈ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাতকৈ অনলাইন যোগেই খাদ্য সামগ্ৰীৰ পৰা আন প্ৰসাধন সামগ্ৰীলৈ সকলোখিনি ক্ৰয় কৰে। কিন্তু এনে অনলাইন শ্বপিংৰ নামত গ্ৰাহক প্ৰৱঞ্চনাৰ বলি হোৱাটোও কোনো নতুন বিষয় নহয়। শেহতীয়াকৈ এনে প্ৰৱঞ্চনাৰে বলি হল গুৱাহাটীৰ এগৰাকী মহিলা। … Read more