সাগৰৰ গভীৰতাত সম্পন্ন হ’ল বিবাহ! প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা নৱ দম্পতীৰ

নিউজ ডেস্ক। সাগৰৰ পানীৰ ৬০ফুট গভীৰতাৰ তলত গৈ বিবাহ সম্পন্ন কৰি যুগ্ম জীৱনৰ পাতনি মেলিলে তামিলনাডুৰ এহাল নৱ-দম্পতীয়ে। মূলতঃ সাগৰত ক্ৰমাৎ বৃদ্ধি পােৱা প্ৰদূষণ ৰােধ কৰাৰ বাবে জন সচেতনতা সৃষ্টিৰ লক্ষ্যৰে এনেদৰে ব্যতিক্ৰমী পদক্ষেপ হাতত ল’লে নৱ দম্পতীয়ে। এই বিশেষ বিবাহৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। পানীৰ গভীৰতাত ৪৫ মিনিটৰ এই বিবাহ সম্পন্ন … Read more

ৰাম মন্দিৰলৈ এক কোটি টকাৰ বৰঙণি আগবঢ়ালে গুহাবাসী সন্ন্যাসীয়ে !

দেশজুৰি চৰ্চিত হৈছে ‘ফক্কৰ বাবা’ নিউজ ডেস্ক। ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ বাবে সমগ্ৰ দেশৰ লগতে বিশ্বৰ অন্যান্য দেশসমূহৰ পৰাও ৰাম ভক্তসকলে দান-বৰঙনি আগবঢ়াইছে। দেশৰ ৰাষ্ট্রপতি ৰামনাথ কৱিন্দৰ পৰা আৰম্ভ বিভিন্ন লােকে সুবিশাল ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আর্থিক বৰঙণি আগবঢ়াইছে। কিন্তু ইয়াৰ মাজতে হঠাতে চৰ্চালৈ আহিছে এগৰাকী সন্যাসীৰ নাম, যিগৰাকী সন্যাসী বিগত প্ৰায় ৬੦ বছৰে বাস … Read more

২০ লাখ টকাৰ সোণৰ গহনা ভৰ্ত্তি বেগ গৰাকীক পুনৰ ঘূৰাই দিলে অট’ৰিক্সা চালকে, পুৰস্কৃত কৰিলে আৰক্ষীয়ে

নিউজ ডেস্ক। একাংশ যাত্ৰীয়ে অট’ৰিক্সা বা ৰিক্সা চালকক তেওঁলােকৰ ৰুষ্ট ব্যৱহাৰৰ বাবে সততে বেয়া বুলি অভিহিত কৰা দেখা যায়। কিন্তু তাৰ মাজতে থাকে কিছু ব্যতিক্ৰম। বহু সৎ খাটিখোৱা লোকো যে এই বৃত্তিত আছে, সেই কথা প্ৰমাণ কৰি দিলে চেন্নাইৰ এজন দৰিদ্ৰ অট’ৰিক্সা চালকে। সোণৰ গহনা ভৰ্ত্তি বেগ হাতত পাইয়ো বিনাচৰ্তে ঘূৰাই দিলে নিৰ্লোভ অট’ৰিক্সা চালক … Read more

দ্ৰুত গতিত আহি থকা ৰে’লৰ আগেৰে বাইক চলাই পাৰ হ’বলৈ গৈ অথন্তৰ! কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

নিউজ ডেস্ক। এফালৰ পৰা দ্ৰুত গতিত আহি আছে এখন ৰে’ল। ৰেলপথ আৰু ৰাজপথৰ ক্ৰচিংত ষ্টেচন মাষ্টৰে পেলাই দিছে গেট। তথাপিও কিন্তু অলপ সময় ৰ’বলৈও ধৈৰ্য নাই বহুতৰ। চেষ্টা কৰিছে পাৰাপাৰ হ’বলৈ। যেন সময় অপব্যয় কৰাটো তেওঁলোকৰ বাবে বহুত ডাঙৰ কথা। তেনেতে ৰ’বলৈ সময় নোহোৱা দুজনমানে নিজৰ জীৱনক ধেমালি হিচাপে লৈ দৌৰি পাৰ হৈ গ’ল ৰেলপথ। … Read more

পুনৰ কৰৰ বােজা! এইবাৰ ৮ বছৰ পুৰণি বাহনত ‘গ্ৰীণ টেক্স’ আৰােপ চৰকাৰৰ

নিউজ ডেস্ক। গাড়ীৰ গৰাকীসকলৰ বাবে বেয়া খবৰ! পুনৰ নতুন কৰ আৰােপৰ দিশে কেন্দ্ৰ চৰকাৰ। এইবাৰ ৮ বছৰ বা তাতকৈ পুৰণি বাহনৰ ওপৰত আৰোপ কৰা হ’ব ‘গ্ৰীণ টেক্স’ বা সেউজ কৰ। কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে আঠ বছৰ পুৰণি বাহনত ‘গ্ৰীণ টেক্স’ আৰোপ কৰাৰ প্ৰস্তাৱত ইতিমধ্যে অনুমোদন দিছে। জানিব পৰা মতে, এনে বাহনৰ ‘ফিটনেছ’ … Read more

সম্ভাব্য দুৰ্ঘটনা ৰােধ কৰি ৰে’ল চালকে লাভ কৰিলে সাহসিকতাৰ বঁটা

নিউজ ডেস্ক। সেইয়া আছিল ১৮ নৱেম্বৰ, ২০২০ ৰ পুৱা ৭:৪০ বজাৰ কথা। তামিলনাডুৰ ভাইগাল এক্সপ্ৰেছ আহি আছিল কডাইকানাল দিশে। ৰে’লখন ১০০০ যাত্ৰী লৈ আহি পাইছিলহি অম্বাত্তুৰাই। তেনেতে চালকে ৰেলপথৰ বেকা অংশত দেখে যে কিছু দূৰ আগত বহুতো প্ৰকাণ্ড শিল পৰি আছে। হ’বলৈ গৈ আছে যেন এক ভয়ংকৰ দুৰ্ঘটনা। তাৎক্ষণিকভাৱে চালকে ল’লে সিদ্ধান্ত। প্ৰত্যুতপন্নমতিতাৰে ঘণ্টাত ৫০ … Read more

এইবাৰ ফলৰ নাম সলনি কৰিলে চৰকাৰে! ‘ড্ৰেগন ফ্ৰুট’ৰ নাম সলনি কৰি দিলে এইটো নাম

নিউজ ডেস্ক। সমগ্ৰ বিশ্বতে ‘ড্ৰেগন ফ্ৰুট’ নামেৰে জনাজাত ফলবিধ এতিয়াৰেপৰা দেশত ‘কমলম’ ফ্ৰুট হিচাপে জনা যাব। গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে ড্ৰেগন ফ্ৰুটৰ এই দেশীয় নাম ৰাখিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ৰূপানীয়ে কয় যে ফলৰ নামত ড্ৰেগন শব্দৰ ব্যৱহাৰ সঠিক নহয়। ড্ৰেগন ফ্ৰুট দেখিবলৈ পদুম ফুলৰ দৰে। সেয়ে পুষ্টিকৰ ফলবিধৰ নাম পদুমৰ সংস্কৃত প্ৰতিশব্দ ‘কমলম’ ৰূপে ৰখা … Read more

প্ৰধানমন্ত্ৰীৰ উপস্থিতিত নেতাজীৰ জন্মবাৰ্ষিকীত গান গাব পাপনে

নিউজ ডেস্ক। পশ্চিমবংগৰ কলকাতাৰ ঐতিহাসিক ভিক্টোৰিয়া মেম’ৰিয়েলত অহা ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্মবাৰ্ষিকী উদযাপন কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অনুসৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটোক পৰাক্ৰম দিৱস হিচাপে পালন কৰিব। প্ৰথম পৰাক্ৰম দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থাকিব। এই কাৰ্যসূচীত দেশৰ প্ৰসিদ্ধ শিল্পী আৰু বিশিষ্ট ৰাজনীতিকসকলে অংশগ্ৰহণ কৰিব। সংগীতানুষ্ঠানত … Read more

খালী হাতেৰে ৬ ফুট দীঘল অজগৰ ধৰিলে আৰক্ষী জোৱানে, ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। খালী হাতেৰে ৬ ফুট দীঘল অজগৰ উদ্ধাৰ কৰি চৰম সাহসিকতাৰ পৰিচয় দিলে মুম্বাই আৰক্ষীৰ কনিষ্টবল মুৰুলিধৰ যাদৱে। মুম্বাইৰ ধাৰাভিত তেওঁ উদ্ধাৰ কৰে অজগৰ ডাল। তাৰ পিছতে সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰে এই কথা। অজগৰ উদ্ধাৰৰ এই দৃশ্য বন্দী হয় এক মোবাইল কেমেৰাত। অত্যন্ত সাৱধানতাৰে কাঠৰ ফাঁকত থকা অজগৰডাল ধৰি আনে তেওঁ। অৱশ্যে এই … Read more

ক’ভিড-১৯ৰ প্ৰতিষেধক নলয় যোগগুৰু বাবা ৰামদেৱে!

নিউজ ডেস্ক। ভাৰতত ক’ৰনাৰ ভেকচিন প্ৰদানৰ কাম আৰম্ভ হোৱাৰ সময়তে ভাৰত চৰকাৰে দেশীয়ভাৱে প্ৰস্তুত হোৱা দুবিধ ভেকচিনকো ‘বেকআপ’ হিচাপে ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে। ইয়াৰ পাছতে বিৰোধী দল কংগ্ৰেছৰ বহু নেতাই বিষয়টোক লৈ বিবাদ আৰম্ভ কৰিছে। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ মুৰব্বী অকিলেশ যাদৱেও ক’ৰনাৰ ভেকচিনক ‘বিজেপিৰ ভেকচিন’ বুলি কৈ ইয়াক ল’বলৈ অস্বীকাৰ কৰিছিল। … Read more